Tuesday, March 28, 2017

আবতৰীয়া চিঠি


মৰমৰ সুমন , হিমাংশু আৰু নাম পাহৰা লৰাটো ,

      মৰম লবি বুলি কবলৈতো আৰু একোৱেই বাকী নাই কেনেকৈ মৰম দিম , কেনেকৈ পাবি ? তথাপি যদি তহতৰ আত্মাবোৰ কৰবাত ভাঁহি ফুৰিছে মুক্তিৰ অপেক্ষাত , তালৈকো মোৰ মৰমবোৰ পঠিয়াই দিছো কথাবোৰ সময় থাকোতেই কব পৰা হলে ভাল আছিল , তহতো গলিগৈ , ময়ো নাভাবিলো , এতিয়া মাথো শুন্যতা
            কিমান সৰু আছিলি তহত , মোৰ ভাইটোৰ লগৰ নে তাতকৈও সৰু আছিলি ? স্কুলৰ বাৰণ্ডাত শাৰী পাতি প্ৰাৰ্থনা আওৰোৱা তহতৰ এটা দুটাৰ চেহেৰাবোৰ মোৰ অলপ অলপ মনত আছে তহতো আমাৰ নিচিনাইতো আছিলি , একেখন স্কুল , একেবোৰ চাৰ বাইদেউ , একেবোৰ অংক , একেবোৰ পদ্য কিহৰনো পাৰ্থক্য , মাথোন কাৰোবাৰ ভাগত এচাৰিৰ দুটা কোব বেছি , কাৰোবাৰ ভাগত শ্ৰুতলিপিৰ দুটা নম্বৰ বেছি সেই একেখন বিশেষত্ববিহীন ঠাইত আমাৰ জন্ম , আমাৰ কৈশোৰ
            তিনিটা ডাঙৰ পুখুৰী , এখন স্কুল , কেইজোপামান ডাঙৰ আঁহতগছ , দুটা নামঘৰ , এটা পুথিভঁৰাল , দুখনমান কণ্ট্ৰলৰ চাউল চেনী পোৱা গেলামালৰ দোকান , গাওঁখনক দুভাগ কৰি অজগৰৰদৰে পৰি থকা ৰাষ্ট্ৰীয় ঘাইপথটো , এয়াই আমাৰ গাওঁ। “জননী জন্মভূমি স্বৰ্গদপী গৰিয়সী ”, হেডছাৰে কিমান ধুনীয়াকৈ বুজাইছিল এইষাৰ কথাৰ অৰ্থ অৰ্থবোৰ বুজি পাইছিলো যদিও সেই সময়ত বৰকৈ পতিয়ন যোৱা নাছিলো ভাল পাইছিলোনে সেই সময়ত এইখন গাওঁক স্বৰ্গতকৈও বেছি ? সন্দেহ আছিল মোৰ নিজৰ মনত তহতকো বুজাইছিল চাগে , পাইছিলিনে তহঁতে বুজি ? আৰু বুজি পাইছিলি যদি পতিয়ন গৈছিলিনে ?
            তিনিশ, চাৰে তিনিশ পৰিয়ালৰ গাওঁখন, এজনো ভাল গায়ক নাই , নায়ক নাই , কোনো বহুত ধনী মানুহ নাই , কোনো ডাক্তৰ নাই , ইঞ্জিনীয়াৰ নাই এটা দুটা অফিচাৰ থকা বুলি শুনিছিলো যদিও কেতিয়াও গাওঁত সিহঁতৰ ছা দেখা নাই সিহতেও হয়তো মোৰ দৰে “স্বৰ্গদপী গৰিয়সী”ত পতিয়ন যোৱা নাই গাওঁখনত এজন ভাল খেলুৱৈ নাই , এজনো ভাল সাহিত্যিক – শিল্পী নাই , চাবলগীয়া ভাল বস্তু এটা নাই ভাবিছিলো এই এলেহুৱা , সহজ সৰল হোজা মানুহখিনিৰ মাজতনো কিহৰ স্বৰ্গ
            মাজতে এবাৰ দুজনমান খুৰাসম্বন্ধীয় লৰা ওলাইছিল এটা ভলীবল টিম খুলি সেই সময়ত এখন জিলাভিত্তিক ভলীবল টুৰ্ণামেণ্টো হৈছিল তাৰেই অকণমান ভাল ভাল খেলুৱৈ এজন খেলৰ সুবাদত প্ৰথমে ডিষ্ট্ৰিকৰ হৈ খেলিবলৈ সুবিধা পাইছিল আৰু পিছলৈ গৈ স্পৰ্ট্ছ কোটাত কোনোবা ডিফেঞ্চ ছাৰ্ভিছ এটাত চাকৰি পাইছিল সিওঁ গ, লাহে লাহে খেল আৰু খেলুৱৈৰ মানদণ্ড কমি আহিল অভিনেতাও আছিল দুজনমান , পিছে মঞ্চত উঠি মঞ্চ কপোৱা জাতীয় প্ৰতিভাৰ অভাৱ আছিল দেউতাহতৰ বয়সৰ দুজন মানুহ , এজন কৰুণা আৰু আনজনৰ নাম পাহৰিলো প্ৰতিবছৰে বহাগ বিহুৰ ভেশছন প্ৰতিযোগিতাত  প্ৰথম পুৰস্কাৰ লৈ যোৱা বহুৱা আছিল এই দুজন হাঁহিৰ খোৰাক দিছিল ঠিকেই , কিন্তু বিহুৰ ভেশছনৰ বাহিৰে সিহঁতৰ কোনো বিশেষ অভিনয় কৃতিত্ব নাছিল
            বিহু বুলোতেই মনত পৰিছে , গাওঁখনত এটা ভাল বিহুৱা দল আছিল ফাগুণৰ শেষৰফালে গাওঁৰ পুথিভৰাঁলটোৰ মুধছত ওলোমাই থোৱা আঠ-দহটা ঢোল নমাইছিল সিহতে চাইকেলত কেৰেয়া বান্ধি নিতুল,পৰেশদাহঁতে ঢোলবোৰ নতুনকৈ ছোৱাই আনিছিল তেতিয়া মনটো খুব ফুৰ্তি লাগিছিল দুদিনমনৰ ভিতৰতে সন্ধিয়া স্কুলত বিহুদলৰ প্ৰেকটিছ আৰম্ভ হৈছিল তহতে পাইছিলিনে সেইবোৰ , পাইছিলি চাগে বহুত সৰু আছিলি বাবে তহতৰ মনত নাথাকিব পাৰে বিহুৰ দলটোৱে দুমাহ গাওঁখন ৰজনজনাই গৈছিল সেই দালটো সচাকৈয়ে বৰ ভাল আছিল মোৰ মানত যদি গাওঁখনত সেই সময়ত কিবা গৌৰৱৰ বস্তু আছিল , সেই বিহু দলটোৱেই আছিল
            কিন্তু এটা বিহুদলেই জানো গাওঁখ্নক স্বৰ্গতকৈও গৰিয়সী কৰি তুলিব পাৰে মোৰ মতে হেডচাৰৰ ব্যাখ্যাবোৰ ভুল আছিল তহতে কথাবোৰ কেনেদৰে লৈছিলি নাজানো ডাঙৰ হৈ গাওঁৰ পৰা উঠি আহি বেলেগ ঠাই ললো , চহৰ দেখিলো , নগৰ মহানগৰত থাকিলো প্ৰথমতে মাহেকে পষেকে , পিছলৈ পুজাই-পাৰ্বনে গাওঁখন দেখা হয় লাহে লাহে বিহু দল ভাগিল , খেলা ল্ৰাবোৰো নোহোৱা হকিছুমান মানুহ ডাঙৰ , কোনোবা বেপাৰী হ, কিছুমানে ঠিকা কৰি দালান সাজিলে চহৰৰ ধামখুমীয়া আৰু একঘেয়ামী জীৱনৰ ব্যস্ততাত হঠাত গাওঁলৈ মনত পৰে স্কুলৰ পদ্যবোৰ, বছৰেকীয়া বিহু দলৰ হুছৰিবোৰ , ভেশছনত ভাওঁ লোৱা কৰুণাহতৰ কথাবোৰ , ফিল্ডত বল লৈ টনা আজোৰা কৰা মানুহবোৰ , হেডছাৰৰ কথাবোৰ, তহতৰ কথাবোৰ
            বিশেষত্ব নাথাকিলেও, মোনো ডাঙৰ বাব থকা মানুহ নাথাকিলেও, গায়ক-অভিনেতা-শিল্পী নাথাকিলেও মানুহবোৰ বৰ সৰল আছিল একেলগে মিলি এখন বিহু সন্মিলন , মাঘত একেটা পুখুৰীতে মাছ ধৰা , গেলামালৰ দোকানত দেউতাহতৰ আড্ডাৰ মাজত আমিও খেলি থকা , এই সকলোবোৰতো স্বৰ্গই আছিল পিছলৈ গাওঁখনত বহুত নতুন বস্তু হপুখুৰীৰ পাৰত ৰঙ্গমঞ্চ হ, পুখুৰীৰ মাছ লৈ কাজিয়া হ,মুৰ ফলা-ফলি কাজিয়া হ, পুলিছ আহি থকা হ, ৰ্ট-কাছাৰীৰ মামলা হ, একেখন বিহুতলীত দুখনকৈ অৰিয়া-অৰি বিহু সন্মিলন হনামঘৰো ভাগি দুভাগ হ, পুখিভৰালতো জহি খহি গমুঠৰ ওপৰত এক বিৰক্তিকৰ পৰিৱেশ
এবাৰ মাজতে গাওলৈ যাওঁতে দেখিলো মদৰ আড্ডা কওঁতাও কোনো নাই , শুনোতাও কোনো নাই সিহতৰ বিকট চিঞঁৰত ঘৰৰ ভিতৰৰ পৰাই আইতাহতে কৈ থাকিল , “খগেনটো পগলা হআগতে চাহ, পকৰী-ঘূগূণী পোৱা গুমটিখনত মদৰ পেকেট বিকা হকবলৈ কোনোৱেই যেন নাথাকিল দেউতাহতৰ বয়সৰ মানুহবোৰে নিজৰ সন্মানত লাগে বুলিয়েই পাগল সবৰ লাগত মুখ লাগি নোলোৱাই ভাল বুলি ঘৰতে সোমাই থাকিল কোনোবাইতো মাত দিব লাগিছিল , কোনো নাছিলনে ? নে শিক্ষিতবোৰ সব পুথি সামৰি গান্ধীৰ তিনি বান্দৰৰ মুৰ্তি হৈ থাকিল মই গৈছিলো কেবাবাৰো , ভাবিছিলো কিবা এটা কম , কিন্তু একেই বাধা । “বোপাই , মুখ লাগি নলবি কালিয়েই মাৰ পিট হৈছে ইহতৰ ।” থাকিলো পিছ-হুহকি
            তিনিবছৰমানৰ পিছত আৰু ভয়াবহ অৱস্থা ,বিহুতলীত বহাগৰ প্ৰথম দিনাই দুফালে দুটা মাইক লৈ ফুল ভলিউমত যেন যুদ্ধহে বোলো কি পাবি জিকিলে, গাওঁখনৰ তহতৰ ভাগটো স্বৰ্গ হব নে আমাৰ ভাগটো ?
            সন্ধিয়া একেই ৰঙ্গমঞ্চৰ আৰত এন্ধাৰত এজাক নিচাখোৰ সৰুতে ভাবিছিলো কিনো মোৰ এই গাওঁখন , এদিনো বাতৰি কাগজৰ এটা চুকতো নাম নাই এইবাৰ গাওঁলৈ যাওঁতে গম পালো , পেপাৰত গাওঁৰ খবৰ এটা ওলাইছে. “ড্ৰাগছৰ ফলত কিশোৰৰ মৃত্যু ”সুমন, সেয়াতো পেপাৰত তোৰেই নাম আছিল ! ত পালি সেই বৰবিষ, কিয় , কিহৰ তাড়নাত তাৰ চিকাৰ হলি ? কিশোৰ , এতিয়া মনত পৰিছে মই পাহৰি থকা আনটো লৰাৰ নাম আমাৰ ঘৰৰ কেইঘৰ মান দূৰত আছিল সিহতৰ ঘৰ ভলীবল খেলি চাকৰি পোৱাজন তোৰ মামা নাছিলনে কিশোৰ ? বিছনাৰ তলত ইঞ্জেকছনৰ পেকেটবোৰ লুকুৱাই কলৈ গলি তই আন এদিন পেপাৰত হিমাংশুৰ নাম পালো আবকাৰী বিষয়াই অতৰ্কিতে অভিযান চলাই হিমাংশুৰ লগতে ছয়্জনমানক ড্ৰাগছ লৈ থকা অৱস্থাত হাতেলোতে কৰায়ত্ত কৰিছে
গাওঁখনৰ নাম এতিয়া প্ৰায়েই ওলাইছে পেপাৰত কিনো গৌৰৱৰ কথাটো হৈছে, কিনো বিশেষত্ব হৈছে তহতক লগ পাবলৈ , এবাৰ কথা পাতিবলৈ থাকি গহয়তো স্বৰ্গ নহলেও , পৃথিৱীৰ এখন সহজ-সৰল গাওঁ হিচাপে ধৰি ৰাখিবলৈ চেষ্টা কৰিব পাৰিলো হয় এতিয়াতো বহুত দেৰি হকোনে চেষ্টা চলাব , ডাঙৰ প্ৰশ্ন
ইতি ,
হিৰণ্য ডেকা




বি:দ্ৰ: - গুৱাহাটীৰ পৰা প্ৰায় সত্তৰ কিলমিটাৰ দুৰৰ এখন গাওঁৰ এইবোৰ কিছুমান সচা ঘটনাৰ ওপৰত আধাৰিত কথা নামবোৰ অলপ ইফাল সিফাল হব পাৰে , কিন্তু ঘটনাবোৰৰ ভয়াবহতা সমানেই গুৰুতৰ অসমখন ড্ৰাগছৰ কবলত দ্বিতীয়খন পঞ্জাৱহোৱাৰ পিনে ক্ষিপ্ৰতাৰে অগ্ৰসৰ হৈছে , আমি মন দিয়া উচিত । 

No comments:

Post a Comment