Tuesday, March 28, 2017

নাট


যোৱা চাৰিদিনমানৰ পৰা গাওঁখনত এক উখলমাখল পৰিৱেশৰ সৃষ্টি হৈছে , বৰ কথাও | গাওঁখনলৈ প্ৰথম থিয়েটাৰ আহিছে | থিয়েটাৰ কমিটিৰ মানুহসোপাই এটা বেটাৰীত চলা মাইক আৰু এখন ৰিক্সা ভাড়ালৈ লৈছে , আবেলি বলৈ নেপাওতেই নিজৰ স্বভাৱসুলভ ভঙ্গীমাৰে প্ৰায় একেটা কথাকেই কৈ গৈছে | “ শ্ৰদ্ধাৰ নাট্যপ্ৰেমী ৰাইজ, আজি সন্ধিয়া ঠিক সাত বজাৰ লগে লগে ৰংমন থিয়েটাৰৰ মঞ্চত আপোনালোকে উপভোগ কৰিবলৈ পাব অসমৰ চুকে কোণে ভ্ৰাম্যমান জগতত আলোড়ণৰ সৃষ্টিকাৰী , স্বনামধন্য নাট্যকাৰ অমুক সিং ৰচিত , তমুক দত্ত পৰিচালিত শিহৰণকাৰী নাট “গডজিলা” এই নাটখনিক মঞ্চলৈ আগবঢ়াই আনিব এখনি আটকধুনীয়া গীতি নৃত্য-নাটিকা ...মুঠতে থিয়েটাৰখনে অসমৰ চুকে কোণে আলোড়ণৰ সৃষ্টি কৰিব পাৰিছেনে নাই নাজানিলেও গাওঁখনৰ চুকে কোণেযে আলোড়্ণৰ সৃষ্টি বাৰুকৈয়ে কৰিছে সেইটো খাতাং আবেলিৰ পৰা সাজ নভগালৈ এই একেখিনিকে ইমানবাৰ চিঞঁৰি আছে যে মাইকলগোৱা ৰিক্সাখন চলোৱা ভঙুৱা কানাইকো যদি মাইকটো হাতত দিয়া হয় সিয়ো খোকোজা নলগাকৈ এই কামটো কৰিব পৰাকৈ ওস্তাদ হৈ উঠিছে | 
            
          বিপুলে আজি পঢ়া ঠাইটো সলনি কৰি ৰাস্তাৰ পিনে মুখ কৰি থকা খিৰিকীখনৰ মুখতে এখন চকী পাৰি লৈছে চকীখনৰ ওপৰত তাৰ সমাজ অধ্যয়নৰ কিতাপখন মেলি থৈছে হয় , কিন্তু কিমান অধ্যয়ন কৰিছে সেইটো তাৰ বাহিৰে ঘৰখনৰ বাকী সকলোৱে বুজিছে সি যিমানেই মাক , বায়েকহঁতক দেখুৱাই চিঞঁৰি চিঞঁৰি পঢ়াৰ ভাওঁ দিছে মাকহঁতৰ সিমানেই মুখ টিপি টিপি হহাঁৰ ৰোল উঠিছে কানাইৰ মাইক টনা ৰিক্সাখন সিহতৰ চুবুৰীত সোমোৱাৰ লগে লগে বিপুল বহি থকা মুঢ়াটোৰ পৰা উঠি খিৰিকীৰ ৰডকেইডালত খামোছ মাৰি ধৰি পঢ়ি থকা দফাটোকে আকৌ উৰাই ঘুৰাই মাতিছে । “সেইয়া আৰম্ভ হবই এতিয়া , দেউতাটোযে কত থাকিল । ” সি এবাৰ মাকক সুধিম বুলি ভাবিলে , পিছে মাকৰ ধমক খোৱাৰ ভয়ত মনে মনে থাকিল এনেয়ো মাকে তাক আগতেই কৈ থৈছে , পঢ়া-শুনা কৰা লৰাই ৰাতি পঢ়া সময় নষ্ট কৰি নাটক চালে কেনকৈ হ। “কিন্তু আমাৰ লগৰ যে সবেই যাব, বিতোপন , সৌৰভ , বাবলু ৰাতো বাদেই দিয়া ছোৱালীবিলাকো যাব মা তুমি একোয়ে নাজানা , গডজিলাখন যে কিমান ভাল হৈছে আৰু মই ৰাতি পঢ়াখিনি দিনতেই পঢ়ি থম নহয় ।” তাৰ পিছতে মাক আৰু তাৰ বন্দোবস্ত , সি সন্ধিয়া পাচবজালৈ পঢ়িব লাগিব আৰু দেউতাক অফিচৰ পৰা আহি যদি তাক লৈ যায় তেতিয়া যাব পাৰিব বিপুলে ঘড়ীটো চালে, এতিয়াও পোন্ধৰ মিনিট বাকী আছে ৰাস্তাৰে গৈ থকা কানাই ৰিক্সাখন চুবুৰীটো পাৰ হ, পিছে পিছে তাৰ সমনীয়া কেইটামান নাচি বাগি পাৰ হৈ গ

পাচবজাৰ ঘণ্টাতো পৰাৰ লগে লগে তাৰ সমাজ অধ্যয়্নৰ অধ্যয়ণ সামৰি পদূলি মুৰ পালেগৈ নাই দেউতাকৰ দেখা দেখি নাই আনদিনাখন ইমান পৰতে দেউতাক আহি পায়হি , আজিহে ইমান দেৰি হব পায়নে বাৰু প্ৰায় বিশমিনিটমান অধীৰ অপেক্ষাৰ অন্তত দেউতাকৰ অহাৰ উমান পোৱা গদূৰত দেউতাকৰ স্কুটাৰৰ শব্দতো তাৰ বৰ মিঠা লাগিল দেউতাকে স্কুটাৰ সামৰি , গা পা ধুই অটাই মানে , বিপুল তেল টেঙা সানি ৰেডী তাৰ পিছত দেউতাকক তেল মৰাৰ নামত পানী এগিলাচ আনি দিয়া , মুৰ পিটিকি দিয়া আদি কামবোৰ সি স্বয়ংক্ৰিয় ভাবেই কৰি থাকিল মুৰ পিতিকি থাকোতে তাৰ মনত বাৰে বাৰে দিনত স্কুলৰ দেৱালত লগাই যোৱা গডজিলাৰ ছবিখনেই ভাহি থাকিল । “আস কিমান যে মজা লাগিব” ।

আৰু কেইটিমান মুহূৰ্ত্তপিছতেই আৰম্ভ হব বুলি সন্ধিয়া ছয়বজাৰ পৰা চিঞঁৰি থকা নাটক খন অৱশেষত নমান বজাত আৰম্ভ হবিপুল ভালকৈ চাম বুলি ডিঙি মেলি গডজিলা ওলোৱালৈ ৰৈ থাকিল কিবা এসোপা গীত-মাত হ, নৃত্য হ, লাইটৰ বাহদুৰি হ, গডজিলা নোলায় হে নোলায় এসময়ত নৃত্য-নাটিকা শেষ হমঞ্চত বহুত বিল্ডিং ওলাল , মানুহ ওলাল , গাড়ী ওলাল মিউজিকৰ মানুহবোৰে ওলোৱা শব্দবোৰ লাহে লাহে অলপ ভয়ানক হৈ আহিছে এপাকত মঞ্চত বিজুলী মাৰিছে , মিউজিকত বজ্ৰপাত আৰু ধুমুহা বতাহৰ শব্দ বিপুলৰ লাহে লাহে ভয় লাগিছে, চাৰিওপিনে অন্ধকাৰ , মাজে মাজে বিজুলী গাজনিৰ পোহৰ গডজিলা ওলাবই এতিয়া

এবাৰ দেউতাকৰ পিনে চালে সি, নাই কোনো সাৰ সুৰ নাই দেউতাকৰ সোঁহাতখনত খামুচি ধৰি ইখন হাতেৰে চুক দুটা মুদি বিপুলে মঞ্চত হাহাকাৰ কৰি থকা প্ৰাণীটোলৈ চালে কিমান ভয়লগা তাৰ মুখখন , ইমান ডাঙৰ জন্তু এইটো গডজিলা ওলাল , কেইখনমান গাড়ী ভাঙিলে , কেইটামান মানুহক মুখেৰে কামুৰি দলিয়াই দিলে , আৰু এটা বিকট চিঞঁৰ মাৰি মঞ্চত লাইটৰ বাহাদুৰিত সৃষ্টি কৰা সাগৰৰ খনৰ বুকুলৈ সোমাই গবিপুলে এইকেইটা দৃশ্য চাবই নোৱাৰিলে , এপাকত ভাবিলে দেউতাকক কৈ ঘৰলৈ যাও নেকি ? নাই নাই লগৰ বোৰে গম পালে কি হব বাৰু , তাক যে ভয়পদুৰা বুলি জোকাবলৈ নেৰে তাৰ লগৰবোৰৰ কোনোবা ওচৰে পাজৰে আছে নেকি , থকিলে তাক এখন হাতেৰে চকুমুদি থকা দেখিলে নেকি ? বিপুলে এন্ধাৰতে ইফালে সিফালে চালে, নাই একো মনিব নোৱাৰি। দেউতাকক জগাই মনে মনে গুচি যাম বুলি দেউতাকক সি হেচুকি চালে ইফালে কাহিনীত কি চলিছে , কোনে কি কৰিছে তাৰ খবৰ নাই চকুদুটা মুদি দুহাতেৰে কাণদুখন ঢাকি বিপুলে নাটকখন শেষ হোৱালৈ বাট চাই থাকিল

No comments:

Post a Comment