Monday, March 9, 2015

জলঙা


জলঙা

খকমককৈ যেতিয়া
এদিন সাৰ পাই উঠিবা
তোমাৰ বন্ধ কুঠৰীত ,

পৃথিৱীখন এটা সৰু গোলক
হৈ যোৱা সপোনটোৰ কথা ভাবি
হয়তো তুমি ঘামি উঠিবা  !

বহুদিন নোখোলা খিৰিকীখনৰ
সিপাৰৰ পোহৰবোৰে
অহৰহ খুন্দিয়াইছে
আয়্নাৰ ধূলি তৰপ ;

এয়া বন্ধ কোঠা নে তোমাৰ  বুকুৰ  স্পন্দন  ?

কৰবাৰ ৰদৰ টুকুৰা এটা
ছিটিকি আহি যদি হঠাত
খিৰিকীত উয়ে কুটা ফুটাটোৰে
সোমাই আহে ,

অকণমান সাহস কৰি খিৰিকীখন
খুলি চাবা ,

কিজানিবা আকৌ নিজৰ প্ৰেমত পৰা  !!!!

শিয়ালৰ সভা

শিয়ালৰ সভা

হাবিত আজি আড়ম্বৰ ,
শিয়ালৰ সভা বহিছে ।
শিয়ালেই ৰজা,শিয়ালেই প্ৰজা ।


ৰঙা শিয়াল, বগা শিয়াল ,
কণা শিয়াল ,খোৰা শিয়াল ,
খকুৱা আৰু বলিয়া শিয়াল ।


বিলৰ পাৰত চিকাৰ হোৱা 
শহাপহুটোৰ মৰাশটো 
লৈ বহিছে সিহঁত ।

কোনে কিমান খাব !
এটাই কৈছে " হোৱা" ,
আন দুটাই কৈছে ," নহয় নহয় হোৱা হোৱা " ।
কোনোটোৱে  ডবিয়াই উঠিছে ,
 " কালিযে আছিল হোৱা হোৱা , আজিটো মোৰহে হোৱা "


আজিকালি প্ৰ্ৰায়েই সভা বহে  শিয়ালৰ !!