Sunday, September 28, 2014

নদীৰ ভালপোৱা



নদীৰ ভালপোৱা 

নদীখনত বাৰিষা আমি মাছ মাৰো ,
খৰালি সাতোৰোঁ , বাৰিষা নাওঁ চলাও ,
তাৰ বালিচাপৰিত কেতিয়াবা বালিভোজো খাওঁ ! 

নদীখনৰ সিপাৰেই তাইৰ ঘৰ  ,
প্ৰায়ে ৰ লাগি চাই থাকো সিপাৰৰ গাওঁখন ,
পাওঁ বুলি চেনেহীৰ বতৰা !


নদীখনেও গোপনে তাইক ভাল পাইছিল কিজানি,
এইবাৰ বাৰিষা গোটেই সিপাৰৰ সৈতে
 চেনেহীক পলুৱাই লৈ গ !


Saturday, September 27, 2014

এটা কবিতা -- Translation of Gulzar's Ek Nazm


 
এই নিশাটো ইমান সহজ নহয়,
যি বাটেৰে মোৰ হাত এৰি তুমি
এনেকৈ অকলে অকলে যাব ধৰিছা ,
কিজানি তুমি বাট হেৰুওৱা বুলি  ভয়তেই
প্ৰতিটো কেঁকুৰিতেই এটা কবিতা এৰি থৈ আহিছো !

যদি ভাগৰ লাগে
আৰু তোমাৰ প্ৰয়োজন হয়  ,
তাৰে এটা কবিতাৰ আঙুলিত ধৰি তুমি উভটি আহিবা ।

Monday, September 22, 2014

মায়া



সেইদিনা পদূলিমুৰৰ জপনাখন খোলাই আছিল ,
বকুলজোপাৰ তলতো নীৰৱতা নাছিল ।
কেউফালে মানুহ আৰু মানুহ ,
আগচোতালৰ দূবৰিবোৰেও যেন ফুচফুচকৈ 
কথা পাতিছিল কিবা গুৰুতৰ ...

বগা কাপোৰখনৰ তলত  সি মৰাশ হৈ পৰি আছিল,
নীৰৱে .

শাওণবৰণীয়া কাপোৰ এখন উৰি 
আকাশখনে জানো কি প্ৰমাণ কৰিব খুজিছিল ,
মানুহৰ গোমা মুখবোৰে দূপৰতেই 
এন্ধাৰ নমাই আনিছিল ।

এনে এন্ধাৰ মোৰ ভাল নালাগে ,
চিঞঁৰি ক'ম যেন লাগিছিল ।
পিৰালীত তাৰ মাকৰ শোতোৰা পৰা দুগাল ,
চকুপানীবোৰ ওলাইছিল , শুকাইছিল 
আকৌ ওলাইছিল ,
 নিৰবিচ্ছিন্ন এক খেল যেন খেলিছিল |

তেতিয়াও সি পৰি আছিল বগা কাপোৰখনৰ তলত ,
অসহ্যকৰ ...

দেউ  এজনে ধূনাৰ মলাটো ঘূৰাইছিল ,
মানুহবোৰে তাৰ বিষয়ে কোৱা ভাল ভাল কথাবোৰ 
যেন মলাটোৰ ধোঁৱাৰ লগে লগে উৰি গৈছিল ।

কোনোবাই চন্দন কাঠৰ খৰি বিচাৰিছিল ,
কোনোবাই এমুঠি খেৰ ,
সকলোবোৰ যেন যন্ত্ৰচালিত এক ছন্দত হৈ আছিল ।
এৰা সকলোবোৰতো  এই ছন্দত পাকৈত ;
কিমান সহজে  তাক সাঙী কৰি লৈ যাব ,
আৰু তাৰ একো নিছান নাৰাখিব । 

তাৰ পলাই যাবলৈ মন গৈছিল কিজানি ,
কিন্তু মায়াবোৰ তাক দুৰ্বল কৰি পলাইছিল  ,
মাকৰ চকুলোৰ মায়া , 
মানুহে গোৱা গুণবোৰ শুনাৰ মায়া ,
দেউৰ ধূনাৰ ধোঁৱাৰ মায়া ... 

কাইলৈতো এইবোৰ একো নাথাকিব ,
জপনাখন বন্ধ হ'ব , 
বলুকজোপাৰ তল আকৌ নীৰৱ হ'ব ,
দূবৰিও তাতে পৰি ৰ'ব । 

সি এইবোৰ বুজা নাছিল হ'বলা ,
বগা কাপোৰখনৰ তলত  তেতিয়াও সি মৰাশ হৈ পৰি আছিল ..