Monday, December 15, 2014

নতুন ৰূপ

নতুন ৰূপ
আমি চৰকাৰী হাইস্কুলত পঢ়া লৰাবোৰৰ বাবে স্কুলৰ দিনৰ কিছুমান কথা স্মৃতি প্ৰায় একেই , সেই লাগিলে  তেজ্পুৰৰ চৰকাৰী স্কুলেই হওঁক , নলবাৰী হওঁক , ধেমাজি হওঁক বা ডিব্ৰুগড় হওঁক  আমাৰ চৰকাৰী স্কুলবোৰৰ অৱস্থা তথৈবচ আছিল প্ৰায়বোৰ স্কুল ব্ৰিটিছৰ দিনতেই সজোৱা , স্কুলৰ দেৱালবোৰ জহি-খহি যোৱা , স্কুলৰ ফিল্ডবোৰ বাৰিষাৰ দিনত একাঠু বোকাৰে  ভৰা  , শ্বহীদ বেদীৰ নামত কিবা শেলুৱৈ ধৰা , লা শিল এচটাৰ নিচিনা বস্তু এটা , তাৰ ওপৰত এসময়ত ৰঙা ৰঙেৰে লিখা “মৃত্যুৱোটো এ টা শিল্প  ... ”   সেই এসময়ৰ ৰঙা ৰঙ গৈ  আজিৰ দিনৰ যিটো ৰঙ লৈছে , দেখিলে শ্বহীদেও লাজ পাব যেন লাগে ।  স্কুল মেৰামতিৰ বাবে চৰকাৰৰ কৰ টকা কলৈ আহিছে , আহিছেনে নাই , আহিছে যদি কৰ মেৰপাকত সোমাইছে সেইবোৰৰ কোনো হিছাপ নাই মুঠতে বছৰ বছৰ ধৰি সেই একেই খেলপথাৰ , একেই দেৱাল , একেই শ্বহীদ বেদী , একেই ক্লাছৰুম  , চলি আহিছে
            বাকী বস্তু মেৰামতি নহলেও বছৰি কিন্তু এটা বস্তু আমাৰ লৰাবোৰে মিলি মেৰামতি কৰাৰ গধূৰ দায়িত্ব বহণ কৰিছিল    মেৰামতি ঠিক নহয় , যেন এটা নতুন ৰূপ দিছিল  এই কামটো বছৰত দুবাৰকৈ হৈছিল ,  এবাৰত এসপ্তাহ দহদিন মান চলিছিল স্কুলৰ প্ৰায় সকলোবোৰ লৰাই ভাগ নললেও বেছিখিনিয়ৈ মনপুতি কাম টো কৰিছিল ।  আমাৰ লগৰ বিপুল , ৰাতুল আৰু আমানুলৰ এইকেইদিন যেন কিমান উথপথপ লাগে    কিমান প্লেনিং সিহঁতৰ কামটো আৰম্ভ হোৱাৰ কেইদিনমান আগৰ পৰাই যা যোগাৰ আৰম্ভ কৰি দিয়ে   বাকী লৰাবোৰৰ ওপৰত সিহতৰ ভৰষা কম , সেয়ে  নিজৰ ভাগৰ দায়িত্ব বিলাক নিজেই কৰি লয়  হাথিয়াৰ যোগাৰ কৰাৰ দায়িত্ব যদি এবাৰ ৰাতুলক দিয়া হয় , তেন্তে আমানুলৰ ভাগত পৰেগৈ আগৰ বছৰৰ কামৰ লগত তুলনা কৰি নতুন বছৰৰ কামৰ ব্লুপ্ৰিণ্ট  তৈয়াৰ কৰা বিপুলৰ ঘৰ স্কুলৰ ওচৰত হোৱাৰ বাবে সাধাৰনতে তাত স্কুলৰ চৌহদ পৰীক্ষা কৰা ,    কামৰ আগদিনা কামৰ সিহঁতৰ দায়িত্বত পৰা জেগাবোৰ আগতীয়াকৈ নিৰীক্ষণ কৰি অহা আদি আনুষঙ্গিক কামবোৰৰ দায়িত্ব দিয়া হয় কাম আৰম্ভ হোৱাৰ দিনা নিৰ্ধাৰিত সময়তকৈ  বহু আগতেই সিহঁত ঘৰৰ পৰা ৰেডী হৈ আহে অহাৰ সময়ত ভালদৰে গা পা ধুই আটোম টোকাৰিকৈ আগদিনা ৰাতিয়েই সযতনে সাজু কৰি থোৱা হাথিয়াৰ , কিতাপ –বহীৰ বেগ অন্যান্য আনুষঙ্গিক বস্তুবোৰ চকু ফুৰাই ৰাওনা হয় সেইদিনা স্কুলৰ চকীদাৰ হৰিৰাম পোৱাৰ আগতেই সিহঁত স্কুল পায়গৈ  হৰিৰামে ক্লাছৰ দৰ্জা খুলি দিয়াৰ লগে লগে প্লেনিং মতে ইহঁত তিনিটাই কাম আৰম্ভ কৰি দিয়ে ব্লুপ্ৰিণ্ট মতে সিহঁতৰ প্ৰথম কাম তিনিওটাৰে কাম কৰা ঠাই একেলগ কৰা ( একেলগে মনে মিলা মানুহৰ লগত কাম কৰিলে কাম কৰি ভাল লাগে দিয়কছোন ) , দ্বিতীয় কাম কাম কৰা ঠাই পৰিস্কাৰ কৰি লোৱা  ( কামৰ ঠাইটুকুৰা চাফা হলে কামবোৰ সহজতে আঁত লগাব পাৰি ) , তৃতীয় কাম কোনটো কাম প্ৰথমতে কৰিব লাগিব আৰু কোনটো শেষত ক্ৰম অনুযায়ী সজাই লোৱা ( গুৰুত্ব অনুযায়ী কামবোৰক প্ৰাধান্য দিয়াটো বহুত জৰুৰী ) এই তিনিটা দিশ ঠিক হোৱাৰ পিছত সিহঁতে ইষ্টদেৱতাক চিন্তি বছৰৰ কাম আৰম্ভ কৰে
সিহঁতে সিহঁতৰ ৰোল  নম্বৰ লিখা ডেস্ক কেইখন ক্লাছৰ শেষৰ শাৰীলৈ লৈ যায়
ৰাতুলে নতুন হাথিয়াৰ তিনিখন মানে তিনিখন নতুন মাষ্টাৰ ছেভিং ব্লেড উলিয়াই দিয়ে তিনিওটাই নতুন ব্লেডেৰে ডেস্ককেইখনত লিখা আগৰ বছৰ অংকৰ সূত্ৰ , সমাজ বিদ্যাৰ চমুটোকা, বিজ্ঞানৰ প্ৰমাণ কৰা আদিবোৰ  ৰুকিবলৈ আৰম্ভ কৰে  ইয়াৰ লগে লগে চৰকাৰী ফাণ্ডেৰেও মেৰামতি নোহোৱা আমাৰ স্কুলৰ ডেস্ক বেঞ্চবোৰ মাত্ৰ দহমিনিটৰ ভিতৰতৈ নতুন ৰুপ লয়
আমনুলে এইবাৰ কোনটো সূত্ৰ , কবি পৰিচয় , চমুটোকা আহিব পাৰে ঊলিয়াই দিয়ে তিনিওটাই নতুনকৈ পৰিস্কাৰ কৰা ডেস্ক-বেঞ্চ কেইখনত মনপুতি লিখা আৰম্ভ কৰে  বাকী লৰাবোৰ আহে মানে সিহঁতৰ প্ৰায় লিখি শেষ হয়
পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰায় ১৫ মিনিটমান আগত যেতিয়া চাৰহত পৰীক্ষাৰ পেপাৰ আৰু বহীবোৰ লৈ ৰুমে ৰুমে সোমাবলৈ আৰম্ভ কৰে , তেতিয়া শেষৰ শাৰীৰ তিনিখন বেঞ্চত অগা-পিচাকৈ বহি থকা ৰাতুল, বিপুল আৰু আমনুলে ডেস্কখনত নতুনকৈ নকল লিখা কবি পৰিচয়টোলৈ চকু ফুৰায় আৰু মনে মনে ভাবে , প্ৰভু এইটো আহিলেই হয় আৰু ফালি দিম ...
আগন্তুক দহদিনমানত আমাৰ স্কুলৰ প্ৰায়বোৰ ডেস্ক ৬ বাৰকৈ পৰিস্কাৰ হয় আৰু নতুন হোৱাৰ ৰুপ ধৰে


Thursday, October 23, 2014

পোহৰৰ ভয়





পোহৰৰ ভয় 

ইমান পোহৰ আজি এই গলিটোৰ চৌপাশে,
দেৱাল, খিৰিকী , জপনামুখ সকলোতে পোহৰ !
ৰঙা, নীলা, হালধীয়া পোহৰবোৰে লতাৰ দৰে
মেৰিয়াই ধৰি আছে   চৌহদৰ নাৰিকল গছবোৰো

এইযে ফুলঝাৰিৰ পোহৰেৰে আজি
মানুহবোৰে ৰামৰ দৰে  মুখবোৰ উজলাই ৰাখিছে,
কাৰোৱেই চেহেৰা ভালদৰে মনিব পৰা নাই মই  !

কাইলৈ যেতিয়া এই পোহৰবোৰ খহি পৰিব ,
আৰু পুনৰ এন্ধাৰে গছবোৰ মেৰিয়াব ,
এই মনিব নোৱাৰা মুখবোৰৰে কোনোবা এটাই
গলিটোৰ মুখত ৰাৱণৰ দৰে খাপ পাতি ৰ
অসহায় সীতাৰ সন্ধানত


Sunday, September 28, 2014

নদীৰ ভালপোৱা



নদীৰ ভালপোৱা 

নদীখনত বাৰিষা আমি মাছ মাৰো ,
খৰালি সাতোৰোঁ , বাৰিষা নাওঁ চলাও ,
তাৰ বালিচাপৰিত কেতিয়াবা বালিভোজো খাওঁ ! 

নদীখনৰ সিপাৰেই তাইৰ ঘৰ  ,
প্ৰায়ে ৰ লাগি চাই থাকো সিপাৰৰ গাওঁখন ,
পাওঁ বুলি চেনেহীৰ বতৰা !


নদীখনেও গোপনে তাইক ভাল পাইছিল কিজানি,
এইবাৰ বাৰিষা গোটেই সিপাৰৰ সৈতে
 চেনেহীক পলুৱাই লৈ গ !


Saturday, September 27, 2014

এটা কবিতা -- Translation of Gulzar's Ek Nazm


 
এই নিশাটো ইমান সহজ নহয়,
যি বাটেৰে মোৰ হাত এৰি তুমি
এনেকৈ অকলে অকলে যাব ধৰিছা ,
কিজানি তুমি বাট হেৰুওৱা বুলি  ভয়তেই
প্ৰতিটো কেঁকুৰিতেই এটা কবিতা এৰি থৈ আহিছো !

যদি ভাগৰ লাগে
আৰু তোমাৰ প্ৰয়োজন হয়  ,
তাৰে এটা কবিতাৰ আঙুলিত ধৰি তুমি উভটি আহিবা ।

Monday, September 22, 2014

মায়া



সেইদিনা পদূলিমুৰৰ জপনাখন খোলাই আছিল ,
বকুলজোপাৰ তলতো নীৰৱতা নাছিল ।
কেউফালে মানুহ আৰু মানুহ ,
আগচোতালৰ দূবৰিবোৰেও যেন ফুচফুচকৈ 
কথা পাতিছিল কিবা গুৰুতৰ ...

বগা কাপোৰখনৰ তলত  সি মৰাশ হৈ পৰি আছিল,
নীৰৱে .

শাওণবৰণীয়া কাপোৰ এখন উৰি 
আকাশখনে জানো কি প্ৰমাণ কৰিব খুজিছিল ,
মানুহৰ গোমা মুখবোৰে দূপৰতেই 
এন্ধাৰ নমাই আনিছিল ।

এনে এন্ধাৰ মোৰ ভাল নালাগে ,
চিঞঁৰি ক'ম যেন লাগিছিল ।
পিৰালীত তাৰ মাকৰ শোতোৰা পৰা দুগাল ,
চকুপানীবোৰ ওলাইছিল , শুকাইছিল 
আকৌ ওলাইছিল ,
 নিৰবিচ্ছিন্ন এক খেল যেন খেলিছিল |

তেতিয়াও সি পৰি আছিল বগা কাপোৰখনৰ তলত ,
অসহ্যকৰ ...

দেউ  এজনে ধূনাৰ মলাটো ঘূৰাইছিল ,
মানুহবোৰে তাৰ বিষয়ে কোৱা ভাল ভাল কথাবোৰ 
যেন মলাটোৰ ধোঁৱাৰ লগে লগে উৰি গৈছিল ।

কোনোবাই চন্দন কাঠৰ খৰি বিচাৰিছিল ,
কোনোবাই এমুঠি খেৰ ,
সকলোবোৰ যেন যন্ত্ৰচালিত এক ছন্দত হৈ আছিল ।
এৰা সকলোবোৰতো  এই ছন্দত পাকৈত ;
কিমান সহজে  তাক সাঙী কৰি লৈ যাব ,
আৰু তাৰ একো নিছান নাৰাখিব । 

তাৰ পলাই যাবলৈ মন গৈছিল কিজানি ,
কিন্তু মায়াবোৰ তাক দুৰ্বল কৰি পলাইছিল  ,
মাকৰ চকুলোৰ মায়া , 
মানুহে গোৱা গুণবোৰ শুনাৰ মায়া ,
দেউৰ ধূনাৰ ধোঁৱাৰ মায়া ... 

কাইলৈতো এইবোৰ একো নাথাকিব ,
জপনাখন বন্ধ হ'ব , 
বলুকজোপাৰ তল আকৌ নীৰৱ হ'ব ,
দূবৰিও তাতে পৰি ৰ'ব । 

সি এইবোৰ বুজা নাছিল হ'বলা ,
বগা কাপোৰখনৰ তলত  তেতিয়াও সি মৰাশ হৈ পৰি আছিল ..